মুখ্য পৃষ্ঠা
06/04/2516:55
•দুখ•
(এক মিনিটৰ গল্প)
বিপুল এটা পাচলি বেপাৰি ! ঘৰৰ শাক-পাচলি ওচৰৰ বজাৰ খনলৈ সপ্তাহত তিনিদিন লৈ যায় !তেনেদৰেই জীৱনক ভাল পাবলৈ শিকিছে বিপুলে ! নিজৰ বুলিবলৈ মাক জনীয়ে আছে ! সৰুতেই দেউতাকে এৰি গ'ল অজান দেশলৈ !
বিপুল পঢ়াত ভাল আছিল যদিও অভাৱৰ কাৰণে পঢ়া এৰিলে ! যেনেতেনে মেট্ৰিকৰ দেওঁনা খন পাৰ হৈ সৰুসুৰা ব্যৱসায়ি হৈ পৰিল !
দেওবাৰৰ কথা ,মাক জনী মোমায়েকৰ ঘৰলৈ গৈছে !বিহু বুলি বৰা ধান এটিং মোমায়েকেই দিম বুলি ক'লে ! খেতিত সহায় কৰাৰ বিনিময় ! সেইদিনা বিপুলে বজাৰৰ পৰা আহি , তাৰ ডায়েৰীখন সন্মুখত ওলিয়াই ল'লে ! মাক ঘৰত নাথাকিলে , সি চিগাৰেট এটা লৈ ট্ৰেজেদি ফালে ! দুখৰ- প্ৰেমৰ আৰু অৰ্থহীনতাৰ !
বিপুলে কবিতাও লিখে ! কিন্তু পঢ়িব নিদিয়ে ! একমাত্ৰ তাৰ বন্ধু প্ৰদিপে তাৰ কবিতাৰ উমান পায় !
ডায়েৰি প্ৰথম পৃষ্ঠাতেই লিখিছিল "লাভ ইজ এ স্টং ৱৰ্ড ! দিফিকাল্ট টু দিফাইন ,ইমপ'চিবল টু লিভ ! উইথ আউট......!!"
এইয়া তাৰ পঢ়া জীৱনতে লিখিছিল এইটত থাকোতেই !
সেইদিনা তাৰ খুউব বেয়া লাগিছিল !মন গৈছিল কাৰোবাক আপোণ কৰিবলৈ ! কিন্তু সি যে দুখীয়া !
তথাপি সি লিখিছিল সেইদিনা ডায়েৰিৰ বুকুত-" লাভ ইজ লাইক এ মিৰ'ৰ...!!"
_______ৰাজু কলিতা
15/05/14